14/08/2023
এটি কাহিনী যেন লগা সঁচা ঘটনা।
প্ৰথমেই দিওঁ আমাৰ পৰিচয়। থোৰতে ক'ব গ'লে এগৰাকী এম্বুলেঞ্চৱালা হওঁ। এদিন ৰাতিপুৱাই মানে দ'কম'কালিতেই গুৱাহাটীৰ এখন আগশাৰীৰ ব্যক্তিগত হস্পিটেলৰ পৰা এজন মানুহে ফোন কৰি ক'লে যে তেওঁৰ ৰোগীজনে ঈহলীলা ত্যাগ কৰিলে। গতিকে শৱদেহ ডিফু লৈ যাব লাগে, আমাৰ এম্বুলেঞ্চ সেৱা বিচাৰিলে। যিহেতু ব্যক্তিগত এম্বুলেঞ্চ সেৱা আগবঢ়োৱা হয় গতিকে ভাৰা দৰ-দাম কৰি ড্ৰাইভাৰ ক গাড়িখন সাজু কৰিবলৈ কলোঁ।
তিনি ঘণ্টা মান সময় পাৰ হোৱাৰ পিছতো মানুহজনে দুনাই ফোন নকৰাত নিজেই ফোন এটা কৰিলোঁ। তেওঁ যি কথা ক'লে শুনি বৰ দুখ লাগিল। তেওঁ লোকৰ দেউতা (যি জনৰ ইতিমধ্যে মৃত্যু হৈছে) হস্পিতালত 20/25 দিন ধৰি আছে। 4 লাখ মান টকা হস্পিতালত দিলে। এতিয়াও 4 লাখ মান টকা চিকিৎসালয়ত দিবলৈ বাকী আছে, পইচা যোগাৰ কৰিব পৰা নাই, Duster গাঢ়ি এখন আছে তাকেই বিক্ৰী কৰিবলৈ কাষ্ট'মাৰ বিচাৰি আছে হেনো! হস্পিতালত গৈ দেখিলোঁ গাঢ়ি কিনিব অহা মানুহ বোৰে DUSTER খনৰ দাম কোনোবাই 50 হেজাৰ কোনোবাই এক লাখ টকা দি আছে। তেওঁলোকৰ অৱস্থা দেখি খুবেই দুঃখিত হওঁ, কিন্তু হাতে-কামে আমিও তেওঁক সহায় কৰিব পৰা অৱস্থাত নাই। নিজকে বৰ অসহায় অৱস্থাত পালোঁ।
আজি আমি ইয়াত এটা ঘটনাৰ কথাহে উল্লেখ কৰিলোঁ, এনে ঘটনাৰ লগত প্ৰায় প্ৰতিদিনেই আমি মুখা মুখি হবলগীয়া হয়, যিহেতু কামৰ তাগিদাত গুৱাহাটীৰ প্ৰায়বোৰ ব্যক্তিগত চিকিৎসালয়ত যোৱা হয়। তেতিয়া অনুভৱ কৰোঁ মানুহক স্বাস্থ্য বীমাৰ (HEALTH INSURANCE) প্ৰয়োজন কিমান!
ভাবিলো স্বাস্থ্য বীমা ৰ এজেণ্ট হৈ মানুহক ইয়াৰ বিষয়ে সজাগ কৰোঁ নেকি! কিন্তু আকৌ ভাবিলো মানুহে দেখোন পিঠিত বা কান্ধত ক'লা ৰঙৰ বেগ ওলোমাই ফুৰা ইঞ্চউৰেঞ্চ এজেণ্ট দেখিলেই পলাই পত্ৰং দিয়ে, আনকি সম্পৰ্কীয় মানুহেও এজেণ্ট জনক AVOID কৰি থাকে দেখোন।
কিন্তু এনে নঞ অৰ্থক কথাবোৰ এলাগী কৰি এদিন ICICI Lombard General Insurance ৰ খ্ৰীষ্টানবস্তিত অৱস্থিত কাৰ্য্যালয় পালোঁগৈ। তাতেই ব্ৰাঞ্চ মেনেজাৰ ৰ লগত কথা পাতি যাৱতীয় নথিপত্ৰ জমা দি IRDA Licenced এজেণ্ট হলোঁ। ভাবিলো যিমান মানুহ লগ পাম সকলোকে স্বাস্থ্য বীমাৰ বিষয়ে জনাম, সজাগ কৰিম। আমি বেয়া কাম কৰিলোঁ নেকি? কি কয় আপুনি? নে আমাৰ ক'লা ৰঙৰ বেগ দেখি আপুনিও পলাই পত্ৰং দিব? আপোনাৰ মতামত জনাবচোন!
যদি আপুনি অনুভৱ কৰে যে আপোনাক health Insurance ৰ দৰকাৰ, তেন্তে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ ফালৰ পৰা ইয়াতেই আপোনাক কথা দিওঁ যে আপোনাক কোনোধৰণৰ অবাঞ্চিত ফোন কৰি পলিচি বিক্ৰিৰ চেষ্টা কৰা নহব। আপোনাক যদি প্ৰয়োজন অনুভৱ হয় আপুনি নিজেই আগবাঢ়ি আহক 🙏।