25/03/2023
ৰাইজৰ সুবিধাৰ্থে আৰু ধনশিৰি মহকুমাত আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুতকৰণৰ কাম ক্ষীপ্ৰতৰ কৰিবৰ বাবে আয়োজন কৰা বিশেষ শিবিৰসমূহত যোৱা চাৰি দিনত প্ৰায় ৫০০০ ব্যক্তিৰ আয়ুষ্মান কাৰ্ড প্রস্তুকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে। কাইলৈৰ পৰা অহা ১০ এপ্ৰিললৈকে মহকুমাটোৰ সকলো পঞ্চায়তত এই শিবিৰৰ আয়োজন কৰা হৈছে। যোগ্য হিতাধিকাৰীক এই কাৰ্ডৰ সুবিধা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীয়ে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰাৰ যোগ্য। এনে ব্যক্তিসকলে উক্ত শিবিৰত আহি আয়ুষ্মান কাৰ্ড বনাব পাৰিব। শিবিৰলৈ আহোতে লগত ৰেচন কাৰ্ডৰ কপি, আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো দৰকাৰ হ'ব। এই কাৰ্ডৰ অধীনত হিতাধিকাৰীয়ে বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা লাভ কৰিব।
*Please share the post*
District Administration, Golaghat DIPRO Golaghat