04/12/2022
লাচিত সেনা অসম সুৰক্ষা বাহিনী কেন্দ্ৰীয় সমিতিয়ে আমি দীৰ্ঘদিন ধৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী জনাই আহিছোঁ,,যে অসম নাগালেণ্ড সীমান্তত সীমা সমস্যা সমাধান কৰিবলৈ কিন্তু কোনো এখন চৰকাৰে সীমা সমস্যা সমাধান কৰিবলৈ সক্ষম নহ'ল। শেহতীয়াকৈ আমি কিছু দিনৰ পৰা দেখিবলৈ পাইছোঁ উৰিয়ামঘাট ১৫নং শান্তিপুৰ গাঁওত নাগালেণ্ড চৰকাৰে অসমৰ ভূখণ্ডত স্থাপন কৰিবলৈ লোৱা পকী পথ,,, আৰু চুঙাজান ৫নং দ গাঁওত চৰকাৰী অমৃত হৰুবৰ আঁচনিৰ ক্ষেত্ৰত আবন্তিত ৩০বিঘা মাটিত নগা লোকে বাধা প্ৰদান কৰিছে। কিন্তু অসমৰ ভূখণ্ডত অবৈধ ভাবে নগাই স্থাপন কৰা ক্ৰেচাৰ মেল,, ইটা ভেঁটা,,আদি স্থাপন কৰি অসমত যি নগাৰ আগ্ৰাসন দিনক দিনে বাঢ়ি গৈছে,,তাৰ ফলত অসমৰ ভূখণ্ডত বসবাস কৰা খিলঞ্জীয়া লোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা প্ৰদান কৰা ক্ষেত্ৰত অসম চৰকাৰ আৰু প্ৰশাসন সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে।। আমি লাচিত সেনা অসম সুৰক্ষা বাহিনী কেন্দ্ৰীয় সমিতিয়ে সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰ আৰু ধনশিৰি মহকুমাৰ প্ৰশাসনক দাবী জনাইছোঁ অসমৰ ভূখণ্ডত স্থাপন কৰা অবৈধ ভাবে ক্ৰেচাৰ মেল,, ইটা ভেটা,, লগতে নগাই দখল কৰা অসমৰ ভূখণ্ডত ৰক্ষা কৰি খিলঞ্জীয়া ৰাইজক জীৱন আৰু সম্পত্তি নিৰাপত্তা প্ৰদান কৰক।নহ'লে আমি লাচিত সেনা অসম সুৰক্ষা বাহিনী থকালৈকে অসমৰ ভুমি এক ইঞ্চি নগাৰ হাতলৈ যাবলৈ নিদিওঁ।। জয় আই অসম।।