LICI

LICI Life Insurance Corporation of India
LIC Logo.svg
Type State-owned
Industry Financial services
Founded 1 September 1956
Headquarters Mumbai, India

19/11/2022

স্বাধীনতা সংগ্ৰামী, বীৰাঙ্গনা ঝান্সীৰ ৰাণী লক্ষ্মীবাইক জন্মদিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।

চিপাহী বিদ্রোহত ৰাণী লক্ষ্মীবাইৰ সাহসিকতাৰ গাঁথা ভাৰতৰ ইতিহাসৰ পাতত সোণোৱালী আখৰেৰে চিৰদিনলৈ খোদিত হৈ ৰ’ব৷ বোকোচাত সন্তান আৰু এখন হাতত তৰোৱাল লৈ স্বদেশৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰা এইগৰাকী বীৰাংগনাৰ আদৰ্শই আমাক উদ্বুদ্ধ কৰিছে আৰু অনাগত দিনলৈও কৰি যাব…

19/11/2022

5,37,152 write-ups on Lachit Barphukan till now and counting!

I congratulate all the participants for their enthusiasm in being a part of this historic occasion of his 400th birth anniversary.

Send your write-up in https://lachitbarphukan.assam.gov.in/ or Lachit Barphukan app by 24 Nov 2022.

18/11/2022

"পুষ্প-কাননত আছিল এজুপি
ধুনীয়া শেৱালি ফুল,
ধীৰ বতাহত হইছিল ধৰা
গােন্ধতে আমােলমােল।"

বিহগী কবি ৰঘুনাথ চৌধাৰী দেৱক মৃত্যুতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

চৰাই তথা প্ৰকৃতিক মূল বিষয়বস্তু ৰূপে লৈ চৌধাৰী দেৱে ৰচনা কৰা প্ৰতিটো কবিতাত ফুটি উঠিছিল তেখেতৰ নিপুণ কাৰুকাৰ্য। অসমীয়া ৰোমাণ্টিক যুগৰ এগৰাকী অন্যতম কবি হিচাবে তেখেতে অসমীয়া সাহিত্য ক্ষেত্ৰত আগবঢ়াই যোৱা অতুলনীয় অৱদান সমূহে আমাক চিৰদিনলৈ সমৃদ্ধ কৰি ৰাখিব…

HAPPY BIRTHDAY DEAR
18/11/2022

HAPPY BIRTHDAY DEAR

17/11/2022
16/11/2022

প্ৰতিমাহৰ ১০ তাৰিখে নিয়মীয়াকৈ পাৰিতোষিক লাভ কৰিব পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত সদস্যসকলে

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰহিত্যত আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছেঃ -

✳️ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নিৰ্বাচিত সদস্যসকলে নিয়মিত ভাৱে প্ৰতিমাহৰ ১০ তাৰিখে তেওঁলোকৰ পাৰিতোষিক সমূহ পাব আৰু এই ধনৰাশি তেওঁলোকৰ নিজ নিজ বেংক একাউন্টত পোনপটীয়াকৈ জমা কৰা হ'ব ৷ উল্লেখ্য যে, এই পাৰিতোষিকৰ বাবে ষষ্ঠ অসম ৰাজ্যিক বিত্তীয় আয়োগৰ দ্বাৰা আৱণ্টিত পুঁজিৰ ধন ব্যৱহাৰ কৰা হ'ব ৷

✳️ ইয়াৰ ফলত ৫০% মহিলা সদস্যৰে পৰিপূৰ্ণ সৰ্বমুঠ ২৬,৭৮৪ গৰাকী পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সদস্য উপকৃত হ'ব ৷ তেওঁলোকৰ পাৰিতোষিকৰ বাবদ প্ৰতিমাহে ৬.৬৮ কোটি টকা প্ৰদান কৰা হ'ব ৷ যাৰফলত বছৰি ব্যয় হ'ব মুঠ ৮০.২১ কোটি টকা ৷

কেবিনেটৰ আজিৰ সিদ্ধান্তৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কেবিনেটৰ সদস্যসকলক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী হিচাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ৷

16/11/2022

সত্য, সততা, হাঁহি আৰু ধেমালিৰ মাজতেই সুখময় হৈ থাকে আমাৰ জীৱন… জীয়াই থকাৰ লগতেই উদযাপন কৰিছোঁ জীৱন…

15/11/2022
15/11/2022

বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ ২০২২ ৰ লন বলত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম জীয়ৰী শ্ৰীমতী নয়নমণি শইকীয়া 'অৰ্জুন বঁটা ২০২২' লৈ নিৰ্বাচিত হোৱাত আনন্দিত হৈছোঁ আৰু তেখেতৰ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ৷

তেখেতৰ এই সফলতাই নৱ-প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক আগ্ৰহী হ'বলৈ অনুপ্ৰেৰণা যোগাব বুলি মোৰ দৃঢ়বিশ্বাস ৷

Address

DISPUR
Auroville
781001

Telephone

9957392137

Alerts

Be the first to know and let us send you an email when LICI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share