19/04/2023
২০২৩ বৰ্ষৰ ৰঙালী বিহুৰ প্ৰাক মুহূৰ্তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কামৰূপ মহানগৰ জিলা শাখাৰ অধীনত গুৱাহাটীত অৱস্থিত চান্দমাৰীত যোৱা,১১ এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা ১৩ এপ্ৰিল, ২০২৩ তাৰিখলৈ "অসমী ব'হাগী মেলা-২০২৩" ৰ আয়োজন কৰা হৈছিল । সেই মেলাত জিলা খনৰ সকলো আত্ম সহায়ক গোট সমূহৰ বিভিন্ন উৎপাদিত সামগ্ৰী সমূহৰ প্ৰদৰ্শন আৰু বিক্রী কৰা হয়।
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা শ্ৰীযুতা কৃষ্ণা বৰুৱা ডাঙৰীয়ানী, কামৰূপ-মেট্ৰো জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুত শিৰোমণি কোঁৱৰ ডাঙৰীয়ানী, কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুতা দৰথি চুচিয়াং ডাঙৰীয়ানী উপস্থিতত এই মেলা খন উদ্বোধন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড° জে.বি. এক্কা ডাঙৰীয়াই।
With the forthcoming Rongali Bihu in mind , the “ASOMI Bohagi Mela 2023” was organised by the District Mission Management Unit , Kamrup-Metro from 11th April to 13th April, 2023 at Chandmari, Guwahati for exhibition and sale of the various SHG products under the district .
The Mela was inaugurated by the Principal Secretary of Panchayat and Rural Development Department, Dr. J.B.Ekka Sir, in the presence of State Mission Director ,ASRLM, Smt Krishna Baruah Madam, the President of Zilla Parishad, Kamrup(M), Smt Siromoni Konwar Madam and Chief Executive Officer of Zilla Parishad, Kamrup(M), Smt Dorothy Suchiang Madam .